গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

TMCৰ জোড়াফুল’ প্ৰতীক ফ্ৰিজ

RAIJOR BARTA September 18, 2026


 

TMCৰ নাম-প্ৰতীক ফ্ৰিজ নিৰ্বাচন আয়োগৰ

ৰাইজৰ বাৰ্তা 

পশ্চিমবংগৰ উপ-নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছত সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাতৰ মাজতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। আয়োগে অন্তৱৰ্তীকালীন নিৰ্দেশযোগে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ (TMC)ৰ দলীয় নাম আৰু পৰম্পৰাগত ‘জোড়াফুল’ প্ৰতীক ফ্ৰিজ কৰিছে। ফলত আগন্তুক উপ-নিৰ্বাচনত মমতা বেনাৰ্জী আৰু ঋতব্ৰত বেনাৰ্জী নেতৃত্বাধীন দুয়োটা গোটেই TMCৰ নাম আৰু ‘ফুল আৰু ঘাঁহ’ প্ৰতীক ব্যৱহাৰ কৰিব নোৱাৰিব।

নিৰ্বাচন আয়োগে দুয়োটা গোটক শুকুৰবাৰে পুৱা ১১ বজাৰ ভিতৰত নতুন দলীয় নামৰ তিনিটাকৈ বিকল্প আৰু নিৰ্বাচনী প্ৰতীকৰ তিনিটাকৈ বিকল্প দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে দাখিল কৰা বিকল্পসমূহৰ পৰা পৃথক নাম আৰু মুক্ত নিৰ্বাচনী প্ৰতীক আৱণ্টন কৰিব।

দলটোৰ সাংগঠনিক নিয়ন্ত্ৰণক লৈ মমতা বেনাৰ্জী আৰু ঋতব্ৰত বেনাৰ্জী নেতৃত্বাধীন গোটৰ মাজত চলি থকা বিবাদৰ পৰিপ্ৰেক্ষিততে এই অন্তৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিৰ্বাচন আয়োগে উল্লেখ কৰিছে যে বিষয়টোৰ চূড়ান্ত নিষ্পত্তিৰ বাবে Election Symbols (Reservation and Allotment) Order, 1968-ৰ অধীনত অধিক শুনানি আৰু সিদ্ধান্তৰ প্ৰয়োজন আছে।

উল্লেখ্য যে পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি TMCৰ দুয়োটা গোটে নিজ নিজ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এতিয়া নতুন নাম আৰু প্ৰতীকেৰে দুয়োটা গোটে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব লাগিব।

Share this article

Facebook Twitter