আৰক্ষীৰ গুলীত নিহত পত্নী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামী
গুৰুত্বপূৰ্ণ বাতৰি । ৰাইজৰ বাৰ্তা
গুৱাহাটীৰ বশিষ্ঠত সংঘটিত চাঞ্চল্যকৰ পত্নী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত নিহত হোৱাৰ অভিযোগ।
গুৱাহাটীৰ বশিষ্ঠত সংঘটিত অতি নৃশংস পত্নী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ মৃত্যু। অভিযোগ অনুসৰি, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে আৰু আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় ৰামানুজ গোস্বামী।
জানিব পৰা মতে, ভঙাগড়ৰ নৰকাসুৰ পাহাৰত আৰক্ষীৰ জিম্মাত থকা অৱস্থাত পলায়নৰ চেষ্টা কৰিছিল অভিযুক্তজনে। আৰক্ষীৰ পৰা হাত সাৰিবলৈ পাহাৰৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলোৱাৰ সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰে। আৰক্ষীয়ে পলায়ন ৰোধ কৰিবলৈ গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ গুলীত আহত ৰামানুজ গোস্বামীক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বশিষ্ঠত পত্নীক অতি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৰামানুজ গোস্বামীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, পত্নীক হত্যা কৰাৰ পাছত তেওঁৰ মুণ্ড বিচ্ছিন্ন কৰি ফ্ৰিজত ভৰাই থৈছিল অভিযুক্তজনে। এই নৃশংস হত্যাকাণ্ড পোহৰলৈ অহাৰ পাছতে সমগ্ৰ গুৱাহাটীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল।
পত্নী হত্যাকাণ্ডৰ মূল অভিযুক্ত ৰামানুজ গোস্বামীৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাই এতিয়া সমগ্ৰ বিষয়টোত নতুন মাত্ৰা সংযোজন কৰিছে। ঘটনাৰ সম্পূৰ্ণ তদন্ত অব্যাহত আছে।
