মৈৰাবাৰীত ড্ৰাগছসহ এজন আটক
ৰাইজৰ বাৰ্তা / মৈৰাবাৰী: মৈৰাবাৰীত ড্ৰাগছবিৰোধী অভিযানত এজন লোকক ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী।
আটকাধীন লোকজনক মুকচিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, মুকচিদুল ইছলামৰ ঘৰ লেংৰিবৰী গাঁৱত।
মৰিগাঁও জিলা আৰক্ষীৰ চোৰাংচোৱা শাখাই মৈৰাবাৰী আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত মুকচিদুলক আটক কৰে। অভিযানকালত তেওঁৰ জিম্মাৰ পৰা ড্ৰাগছভৰ্তি ১০টা কণ্টেইনাৰ উদ্ধাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
আটকাধীন লোকজনক ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সোধ-পোছ অব্যাহত ৰাখিছে। ড্ৰাগছখিনি ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ সৈতে কোনো ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
ঘটনাক কেন্দ্ৰ কৰি মৈৰাবাৰী অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে।
