গ্ৰাম্যাঞ্চলত LPG চিলিণ্ডাৰ বুকিঙৰ সময়সীমা হ্ৰাস
৪৫ দিনৰ পৰিৱৰ্তে এতিয়াৰে পৰা ২৫ দিনৰ মূৰে মূৰে বুকিং কৰিব পাৰিব গ্ৰাহকে
ৰাইজৰ বাৰ্তা / বিশেষ প্ৰতিবেদন:
গ্ৰাম্যাঞ্চলৰ ঘৰুৱা LPG গ্ৰাহকৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ সকাহ। ঘৰুৱা LPG চিলিণ্ডাৰ পুনৰ বুকিং কৰাৰ ক্ষেত্ৰত থকা বাধ্যতামূলক সময়সীমা ৪৫ দিনৰ পৰা হ্ৰাস কৰি ২৫ দিন কৰা হৈছে।
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক আনুষ্ঠানিক নিৰ্দেশনাযোগে এই নতুন সময়সীমা ঘোষণা কৰিছে। ইয়াৰ ফলত গ্ৰাম্যাঞ্চলৰ গ্ৰাহকসকলে পূৰ্বৰ তুলনাত কম সময়ৰ ব্যৱধানত ঘৰুৱা LPG চিলিণ্ডাৰ পুনৰ বুকিং কৰিব পাৰিব।
পূৰ্বতে চিলিণ্ডাৰ বুকিঙৰ মাজত ৪৫ দিনৰ বাধ্যতামূলক ব্যৱধান আছিল। নতুন নিৰ্দেশনা অনুসৰি সেই ব্যৱধান ২০ দিন হ্ৰাস কৰি ২৫ দিন কৰা হৈছে।
গ্ৰাম্যাঞ্চলত LPGৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে বহু পৰিয়ালৰ দৈনন্দিন ৰন্ধন প্ৰক্ৰিয়াত গেছৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। নতুন ব্যৱস্থাই নিয়মীয়া LPG ব্যৱহাৰ কৰা গ্ৰাহকসকলক যথেষ্ট সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
