গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

জালুকবাৰীত বাহনৰ ভিতৰত উদ্ধাৰ লোকৰ মৃতদেহ , পশ্চিম গুৱাহাটী DCP কাৰ্যালয়ৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা

RAIJOR BARTA September 10, 2026

জালুকবাৰীত বাহনৰ ভিতৰত উদ্ধাৰ লোকৰ মৃতদেহ

পশ্চিম গুৱাহাটী DCP কাৰ্যালয়ৰ সন্মুখত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী: গুৱাহাটী মহানগৰীৰ জালুকবাৰীত বৃহস্পতিবাৰে পুৱা সংঘটিত এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ DCP কাৰ্যালয়ৰ সন্মুখত এখন বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয় এজন লোকৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো ৰিহাবাৰীৰ নিবাসী নেব প্ৰসাদ যাদৱৰ বুলি চিনাক্ত কৰা হৈছে। বাহনৰ ভিতৰত লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল।

ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে সৃষ্টি হৈছে ৰহস্যৰ। লোকজনৰ মৃত্যু কেনেদৰে সংঘটিত হ’ল, সেয়া এই মুহূৰ্তলৈকে স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

ঘটনাস্থলীৰ পৰা প্ৰয়োজনীয় তথ্য-প্ৰমাণ সংগ্ৰহ কৰি আৰক্ষীয়ে তদন্ত আগবঢ়াই নিছে। আৰক্ষীৰ তদন্তৰ পাছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter