**মা**
মা মাথোঁ এটি শব্দ নহয়,এটি অনুভৱ, এখন পৃথিৱী..
যাৰ বুকুৰ মাজত লুকাই থাকে
সন্তানৰ বাবে অশেষ মৰম,
অগণন ত্যাগ আৰু নিঃস্বাৰ্থ ভালপোৱা।
মাৰ আঁচলতেই আৰম্ভ হৈছিল
মোৰ প্ৰথম পৃথিৱী,
মাৰ কোলাতেই শুনিছিলোঁ প্ৰথম শব্দ।
মাৰ মুখতে চাইছিলো পৃথিৱীৰ প্ৰথম হাঁহি।
মাৰ আঙুলিত ধৰিয়ে
শিকিছিলোঁ প্ৰথম খোজ দিবলৈ,
মাৰ মাত শুনিয়েই
শিকিছিলোঁ 'মা'' বুলি মাতিবলৈ।
নিজে নাখাই
মোৰ মুখত ভাত তুলি দিয়া,
নিজে নুশুই,
মোৰ টোপনিৰ পহৰা দিয়া।
মোৰ অলপ জ্বৰ উঠিলেই
মাৰ চকুত নিদ্ৰা নাইকিয়া হোৱা,
মোৰ চকুৰ পৰা নিগৰা এটোপাল চকুলো দেখিলেই
মাৰ বুকুখন কঁপি উঠা।
ৰাতিৰ গভীৰ নিস্তব্ধতাত
যেতিয়া মই কান্দি উঠিছিলোঁ,
সকলোৰে আগতে জাগি উঠিছিল মোৰ মা।
খেলিবলৈ গ’লে—
“সাৱধানে যাবি।”
বিদ্যালয়লৈ গ’লে—
“ভালকৈ পঢ়িবি।”
বাটলৈ ওলালে—
“সময়মতে ঘৰলৈ আহিবি।”
মোৰ প্ৰতিটো খোজৰ সৈতে
মাৰ আশীৰ্বাদ যেন
অদৃশ্য ছাঁৰ দৰে আছিল।
পঢ়া-শুনাৰ সময়ত
মাই আছিল প্ৰথম শিক্ষক,
ভুল কৰিলে বুজাই দিয়া,
পৰি গ’লে উঠাই দিয়া,
হাৰি গ’লে সাহস দিয়া।
মই যেতিয়া কৈছিলোঁ—
“মই নোৱাৰোঁ”,
মাই তেতিয়া কৈছিল—
“তই পাৰিবি, এবাৰ চেষ্টা কৰি চা।”
মোৰ সৰু সৰু সপোনবোৰ
মাৰ বাবেই হৈ পৰিছিল ডাঙৰ সপোন।
মই যি হ’ব বিচাৰিছিলোঁ,
মাই তাতেই নিজৰ সুখ বিচাৰি পাইছিল।
নিজৰ আশা-আকাংক্ষা এৰি
মোৰ ভৱিষ্যৎ গঢ়িবলৈ
মাই কিমান যে ৰাতি উজাগৰে কটাইছিল...
কিমান যে চিন্তা আছিল...
তাৰ হিচাপ দিয়াটো টান মোৰ বাবে।
সময় বাগৰি গ'ল,
মইয়ো ডাঙৰ হলো।
মাৰ কোলাৰ সেই সৰু শিশুটি
আজি নিজেই জীৱনৰ বাটত
আগুৱাই যাবলৈ শিকিলে।
মাই নিজৰ হাতেৰে
মোক সাজি দিছিল,
শেষবাৰৰ বাবে নহয়,
নতুন জীৱনৰ বাবে।
কপালত মৰমৰ চুমা দি
আশীৰ্বাদ কৰিছিল—
“সুখী হ’ বাবা..
বিয়াৰ দিনা
মাৰ হাঁহিৰ আঁৰত
লুকাই থাকে হাজাৰটা স্মৃতি,
হাজাৰটা আবেগ-কষ্ট।
শৈশৱৰ পৰা যৌৱনলৈ...
কিমান যে স্মিতি,
প্ৰতিটো দিনৰ কাহিনী..
সন্তানৰ হৃদয়ৰ পৰা
মা আঁতৰি যায়,
কিন্তু মাৰ হৃদয়ৰ পৰা
কেতিয়াও আঁতৰি নাযায় এটি সন্তান।
