নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত
দলত্যাগ কৰিলে দুই জ্যেষ্ঠ কংগ্ৰেছ নেতাই
ৰাইজৰ বাৰ্তা /নগাঁও: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দলত সৃষ্টি হৈছে মোক্ষম আঘাত। দলটোৰ দুই জ্যেষ্ঠ নেতাই কংগ্ৰেছৰ সংগ ত্যাগ কৰাত ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চৰ্চা।
দলত্যাগ কৰা নেতাদ্বয় হৈছে শিঙিমাৰী ব্লক কংগ্ৰেছৰ উপ-সভাপতি তথা নগাঁও জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ ওছমান আলী আৰু কংগ্ৰেছৰ উপ-সভাপতি আব্দুল মালেক মাষ্টৰ।
উপ-নিৰ্বাচনৰ পূৰ্বে দলটোৰ দুগৰাকী জ্যেষ্ঠ নেতাৰ দলত্যাগে কংগ্ৰেছৰ সাংগঠনিক ভেটিত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে। বিশেষকৈ নিৰ্বাচনৰ প্ৰাকক্ষণত স্থানীয় পৰ্যায়ৰ নেতৃত্বৰ এই পদত্যাগে দলটোৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।
দুয়োগৰাকী নেতাৰ দলত্যাগৰ পিছত তেওঁলোকৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ কি হ’ব, তাক লৈও আৰম্ভ হৈছে জল্পনা-কল্পনা। নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে এই ঘটনাই নিৰ্বাচনী সমীকৰণত কিমান প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষণীয়।
