গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

লক্ষ্মীনাথ বেজবৰুৱা পথত সংঘটিত হৈছে এক কৰুণ অঘটন

RAIJOR BARTA September 18, 2026

 


হাতীগাঁৱত কুঁৱাত পৰি শ্ৰমিকৰ কৰুণ মৃত্যু

ৰাইজৰ বাৰ্তা 

গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথত সংঘটিত হৈছে এক কৰুণ অঘটন। কুঁৱাত পৰি শ্যামল সাহা নামৰ এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কোচবিহাৰৰ বাসিন্দা শ্যামল সাহাই গুৱাহাটীত কাঠমিস্ত্ৰীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰি আহিছিল। হাতীগাঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা পথত কোনো কাৰণত কুঁৱাত পৰি যায় লোকজন। পিছত কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় শ্যামল সাহাক।

কিন্তু কি পৰিস্থিতিত আৰু কেনেদৰে তেওঁ কুঁৱাটোত পৰিল, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পাছতহে শ্যামল সাহাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Share this article

Facebook Twitter