গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

সুখচৰত নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী

RAIJOR BARTA September 08, 2026


 সুখচৰত নিচাজাতীয় টেবলেটসহ আটক সৰবৰাহকাৰী

ৰাইজৰ বাৰ্তা /দক্ষিণ শালমাৰা-মানকাচৰ:

জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে সুখচৰ আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় টেবলেটসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, গোপন খবৰৰ ভিত্তিত সুখচৰ আৰক্ষীৰ এটা দলে খোপাতিয়া তৃতীয় খণ্ড গাঁৱত ছিকেন্দাৰ বাদশ্বাহৰ বাসগৃহত অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে ছিকেন্দাৰ বাদশ্বাহৰ পৰা ৬০টা নিচাজাতীয় টেবলেট উদ্ধাৰ কৰাৰ লগতে এটা মোবাইল ফোন জব্দ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ছিকেন্দাৰ বাদশ্বাহক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। উদ্ধাৰ হোৱা নিচাজাতীয় টেবলেটসমূহৰ উৎস আৰু ইয়াৰ সৈতে জড়িত সৰবৰাহ চক্ৰৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

জিলাখনত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক তীব্ৰতৰ কৰাৰ সময়তে সুখচৰ আৰক্ষীৰ এই অভিযানক লৈ অঞ্চলটোত ব্যাপক চৰ্চা চলিছে।

Share this article

Facebook Twitter