জলপান কল্পনাৰ অৱসান! নগাঁওত ৰকিবুলৰ দুৰ্লভে নাপালে টিকট
গৌৰৱ গগৈ শিবিৰৰ শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব — এতিয়া ৰকিবুল হুছেইনৰ ভূমিকা কি?
ৰাইজৰ বাৰ্তা /নগাঁও, ১৪ ছেপ্টেম্বৰ:
অৱশেষত অন্ত পৰিল বহু চৰ্চিত জল্পনা-কল্পনাৰ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ হাইকামাণ্ডে ঘোষণা কৰিলে দলীয় প্ৰাৰ্থীৰ নাম। বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে।
শিৱামণি বৰাৰ নাম চূড়ান্ত হোৱাৰ লগে লগে নগাঁও কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি থকা প্ৰাৰ্থিত্বকেন্দ্ৰিক চৰ্চাৰো অৱসান ঘটিল। বিশেষকৈ সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বুলি পৰিচিত ৰাজনৈতিক সমীকৰণৰ মাজৰ পৰা কোনে টিকট লাভ কৰিব, তাক লৈ বিগত কেইবাদিন ধৰি ব্যাপক চৰ্চা চলি আছিল। কিন্তু শেষ মুহূৰ্তত হাইকামাণ্ডৰ সিদ্ধান্তত শিৱামণি বৰাই টিকট লাভ কৰাত নগাঁও কংগ্ৰেছৰ ৰাজনীতিত নতুন সমীকৰণৰ সূচনা হোৱা বুলি চৰ্চা আৰম্ভ হৈছে।
উল্লেখ্য যে নগাঁও লোকসভা আসনখন বৰ্তমান খালী হৈ আছে আৰু উপ-নিৰ্বাচন ৬ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা। বিজেপিয়ে ইতিমধ্যে প্ৰাক্তন IAS বিষয়া তথা নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
এতিয়া মূল প্ৰশ্ন—শিৱামণি বৰাৰ প্ৰাৰ্থিত্বৰ পাছত নগাঁও উপ-নিৰ্বাচনত ৰকিবুল হুছেইনৰ ভূমিকা কি হ’ব?
দীৰ্ঘদিন ধৰি নগাঁও-কেন্দ্ৰিক কংগ্ৰেছ ৰাজনীতিত প্ৰভাৱশালী ভূমিকা পালন কৰি অহা ৰকিবুল হুছেইনৰ সংগঠন, জনসম্পৰ্ক আৰু নিৰ্বাচনী অভিজ্ঞতা কংগ্ৰেছৰ বাবে এই উপ-নিৰ্বাচনত গুৰুত্বপূৰ্ণ হ’ব পাৰে। বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন বিধানসভা এলেকাত কংগ্ৰেছৰ সাংগঠনিক শক্তি পুনৰ সক্ৰিয় কৰাৰ ক্ষেত্ৰত ৰকিবুলৰ ভূমিকা দলটোৱে কেনেদৰে ব্যৱহাৰ কৰে, সেয়া হ’ব লক্ষণীয়।
আনহাতে, শিৱামণি বৰাৰ প্ৰাৰ্থিত্বক গৌৰৱ গগৈ নেতৃত্বাধীন নতুন কংগ্ৰেছ শিবিৰৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধিৰ ইংগিত হিচাপেও একাংশই ব্যাখ্যা কৰিছে। ইয়াৰ ফলত নগাঁও কংগ্ৰেছত পুৰণি আৰু নতুন নেতৃত্বৰ মাজৰ সমীকৰণ কেনেদৰে আগবাঢ়ে, সেয়াও হ’ব নিৰ্বাচনৰ অন্যতম চৰ্চাৰ বিষয়।
‘চিপৰাং ৰাজনীতি’ চলিব নেকি?
নগাঁও কংগ্ৰেছৰ ৰাজনীতিত অতীতত দেখা পোৱা গোষ্ঠীদ্বন্দ্ব আৰু ভিতৰুৱা মতানৈক্যৰ প্ৰসংগ এইবাৰ পুনৰ চৰ্চালৈ আহিছে। এতিয়া প্ৰশ্ন হৈছে—প্ৰাৰ্থী ঘোষণাৰ পাছত সকলো নেতাই দলীয় প্ৰাৰ্থীৰ হৈ একেলগে কাম কৰিবনে, নে পূৰ্বৰ দৰে ভিতৰুৱা ৰাজনৈতিক টনা-আজোৰা অব্যাহত থাকিব?
বিশেষকৈ ৰকিবুল হুছেইনে শিৱামণি বৰাৰ প্ৰাৰ্থিত্বক কিমান সক্ৰিয়ভাৱে সমৰ্থন কৰে আৰু নিৰ্বাচনী প্ৰচাৰত কিদৰে ভূমিকা গ্ৰহণ কৰে, সেয়া কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব।
কাৰণ এইবাৰৰ নগাঁও উপ-নিৰ্বাচন কেৱল এখন আসন দখলৰ যুঁজ নহয়; ই অসম কংগ্ৰেছৰ ভিতৰৰ নেতৃত্ব, সাংগঠনিক ঐক্য আৰু পুৰণি ৰাজনৈতিক সমীকৰণৰো এক পৰীক্ষা হিচাপে বিবেচিত হৈছে।
এতিয়া সকলোৰে দৃষ্টি শিৱামণি বৰাৰ প্ৰচাৰ অভিযান, গৌৰৱ গগৈৰ নেতৃত্ব আৰু ৰকিবুল হুছেইনৰ নিৰ্বাচনী ভূমিকাৰ ওপৰত। ৰকিবুলে দলীয় প্ৰাৰ্থীৰ হৈ পূৰ্ণ শক্তিৰে নামি পৰিবনে, নে নগাঁও কংগ্ৰেছৰ ভিতৰুৱা ৰাজনীতিত নতুন অধ্যায়ৰ সূচনা হ’ব—তাৰ উত্তৰ পোৱা যাব আগন্তুক দিনবোৰত।
