একেলগে ৩৬ কংগ্ৰেছ কৰ্মীৰ দলত্যাগ
ৰাইজৰ বাৰ্তা /জাগীৰোড
নগাঁও উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত জাগীৰোডত কংগ্ৰেছত মোক্ষম আঘাত। একেলগে ৩৬ গৰাকী কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।
দলীয় নেতৃত্বৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছৰ পৰা আঁতৰি যায় এইসকল নেতা-কৰ্মী। বিশেষকৈ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা বিষয়টোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে দলটোৰ একাংশ সংখ্যালঘু নেতা-কৰ্মীয়ে।
দলীয় প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মতামতক গুৰুত্ব দিয়া নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে দলত্যাগীসকলে। তেওঁলোকৰ মতে, দীৰ্ঘদিন ধৰি দলৰ বাবে কাম কৰি অহা নেতা-কৰ্মীৰ আৱেগ আৰু দাবীক উপেক্ষা কৰিয়েই প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে।
ইফালে, উপ-নিৰ্বাচনৰ পূৰ্বে জাগীৰোডত একেলগে ৩৬ গৰাকী কংগ্ৰেছ কৰ্মীৰ দলত্যাগে দলটোৰ সাংগঠনিক স্থিতিক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে তৃণমূল পৰ্যায়ত কংগ্ৰেছত দেখা দিয়া অসন্তুষ্টিয়ে আগন্তুক নিৰ্বাচনত কিমান প্ৰভাৱ পেলাব, সেয়া এতিয়া লক্ষণীয়।
প্ৰাৰ্থী বাছনিক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰত সৃষ্টি হোৱা অসন্তুষ্টি ক্ৰমাৎ ৰাজহুৱা ৰূপ লোৱাৰ সময়তে জাগীৰোডৰ ৩৬ গৰাকী কৰ্মীৰ দলত্যাগে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত দিছে।
