গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

পানীৰাম ব্ৰহ্মৰ পদত্যাগ

RAIJOR BARTA September 18, 2026

 


BTCৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ পাৰিষদ পানীৰাম ব্ৰহ্মৰ পদত্যাগ

পাৰিষদবিহীন হ’ল তিনিটা পৰিষদীয় সমষ্টি, উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত

ৰাইজৰ বাৰ্তা/ কাজলগাঁও:
বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিল (BTC)ত পুনৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে। কাজলগাঁও পৰিষদীয় সমষ্টিৰ পাৰিষদ তথা বৰ্তমান কাজলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্মই BTCৰ পাৰিষদ পদৰ পৰা পদত্যাগ কৰিছে।

পানীৰাম ব্ৰহ্মৰ পদত্যাগৰ লগে লগে BTCৰ মুঠ তিনিটা পৰিষদীয় সমষ্টি বৰ্তমান পাৰিষদবিহীন হৈ পৰিল। এই তিনিটা সমষ্টি হৈছে—ৰৌতা, দৰঙাজুলী আৰু কাজলগাঁও।

উল্লেখ্য যে, পানীৰাম ব্ৰহ্ম বৰ্তমান কাজলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বিধায়ক হিচাপে দায়িত্ব পালন কৰি থকাৰ মাজতে BTCৰ পাৰিষদ পদৰ পৰা তেওঁৰ পদত্যাগে নতুন ৰাজনৈতিক সমীকৰণৰ সূচনা কৰাৰ সম্ভাৱনা দেখা দিছে।

ইফালে, তিনিটা পৰিষদীয় সমষ্টি পাৰিষদবিহীন হৈ পৰাত এই সমষ্টিসমূহত উপ-নিৰ্বাচনৰ পথ প্ৰশস্ত হৈছে। ৰৌতা, দৰঙাজুলী আৰু কাজলগাঁও পৰিষদীয় সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি BTCৰ ৰাজনীতিতো নতুনকৈ তৎপৰতা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। তিনিওটা সমষ্টিত কোনে প্ৰাৰ্থিত্ব লাভ কৰে আৰু নিৰ্বাচনী যুঁজত কোন কোন ৰাজনৈতিক শক্তিয়ে অৱতীৰ্ণ হয়, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

Share this article

Facebook Twitter