সাত মাহৰ স্থৱিৰতাৰ অন্তত পুনৰ মুকলি অসম সমবায় মৰাপাট কলৰ দুৱাৰ
ৰাইজৰ বাৰ্তা / কলিয়াবৰ, ৪ ছেপ্টেম্বৰ:
দীৰ্ঘ সাত মাহ ধৰি স্থৱিৰ হৈ থকাৰ পাছত অৱশেষত পুনৰ মুকলি হ’ল কলিয়াবৰৰ অসম সমবায় মৰাপাট কলৰ দুৱাৰ। কলটো পুনৰ কাৰ্যক্ষম হোৱাত অঞ্চলটোৰ মৰাপাট খেতিয়ক, শ্ৰমিক আৰু সংশ্লিষ্ট লোকসকলৰ মাজত দেখা গৈছে উৎসাহৰ পৰিৱেশ।
কলটোৰ পৰা ৫৭৬ বেল মৰাপাটৰ বস্তা কঢ়িয়াই তিনিখনকৈ বাহন মধ্য প্ৰদেশলৈ ৰাওনা হয়। মৰাপাটৰ এই সামগ্ৰী মধ্য প্ৰদেশলৈ প্ৰেৰণৰ জৰিয়তে কলটোৰ উৎপাদন আৰু ব্যৱসায়িক কাৰ্যকলাপ পুনৰ স্বাভাৱিক গতি লাভ কৰাৰ আশা কৰা হৈছে।
এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে কলটোৰ নেতৃত্বত থকা কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। সাত মাহৰ স্থৱিৰতাৰ অন্তত কলটোৰ দুৱাৰ পুনৰ মুকলি হোৱাক লৈ স্থানীয় ৰাইজৰ মাজতো আশাৰ সঞ্চাৰ হৈছে।
দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা মৰাপাট কলটো পুনৰ সক্ৰিয় হোৱাত স্থানীয় অৰ্থনীতিৰ লগতে মৰাপাট খেতিৰ সৈতে জড়িত কৃষক আৰু শ্ৰমিকসকলেও উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
ৰাইজৰ বাৰ্তা, কলিয়াবৰ।
