বাইহাটা চাৰিআলিত বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ধন জব্দ
আগডলা গাঁৱত অভিযান, ১৬ লাখ টকা আৰু ২৭ কেজি গাঞ্জা উদ্ধাৰ; দুজন আটক
ৰাইজৰ বাৰ্তা | বাইহাটা চাৰিআলি, ১ ছেপ্টেম্বৰ
বাইহাটা চাৰিআলিৰ আগডলা গাঁৱত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ধন জব্দ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযানত আৰক্ষীয়ে ২৭ কেজি গাঞ্জাৰ লগতে নগদ ১৬ লাখ টকা জব্দ কৰে।
জানিব পৰা মতে, আগডলা গাঁৱৰ গৌতম শৰ্মা নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে এই নগদ ধন আৰু গাঞ্জাখিনি জব্দ কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰে।
আৰক্ষীয়ে জব্দ কৰা গাঞ্জা আৰু নগদ ধনৰ উৎস তথা ইয়াৰ সৈতে জড়িত লোকসকলৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে। আটকাধীন লোক দুজনক সোধা-পোছা অব্যাহত ৰখাৰ লগতে সমগ্ৰ ঘটনাটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও অনুসন্ধান চলাইছে আৰক্ষীয়ে।
ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
