মৈৰাবাৰীৰ বৰ্থল কছাৰী গাঁৱৰ পৰা যুৱক নিৰুদ্দেশ
ছয় দিন ধৰি সন্ধানহীন ২০ বছৰীয়া ইজাজুল হক
ৰাইজৰ বাৰ্তা/ ৬ ছেপ্টেম্বৰ
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী ২০ বছৰীয়া যুৱক। মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰ্থল কছাৰী গাঁৱৰ ইজাজুল হক নামৰ যুৱকজন যোৱা ছয় দিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে আত্মীয়-স্বজনৰ ঘৰকে ধৰি বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ কৰিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই যুৱকজনৰ।
মৰিগাঁও জিলাৰ মৈৰাবাৰীত চাঞ্চল্যকৰ ঘটনা। বৰ্থল কছাৰী গাঁৱৰ পৰা যোৱা ছয় দিন ধৰি সন্ধানহীন হৈ আছে ২০ বছৰীয়া যুৱক ইজাজুল হক।
পৰিয়ালৰ সূত্ৰ অনুসৰি, যোৱা ছয় দিন পূৰ্বে ইজাজুল হকে নিজ ঘৰৰ পৰা মৈৰাবাৰী বজাৰলৈ বুলি ওলাই আহিছিল। কিন্তু তাৰ পিছৰে পৰা যুৱকজন ঘৰলৈ উভতি নাহিল।
দীৰ্ঘ সময় ধৰি ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। ইজাজুল হকৰ আত্মীয়-স্বজনৰ ঘৰকে ধৰি বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ চলোৱা হয় যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়াল।
ইতিমধ্যে যুৱকজনৰ সন্ধান লাভৰ বাবে পৰিয়ালৰ লোকে সকলোৰে সহায় বিচাৰিছে।
কোনো সদাশয় ব্যক্তিয়ে যদি ইজাজুল হকৰ কোনো সন্ধান লাভ কৰে, তেন্তে পৰিয়ালৰ লোকৰ সৈতে অথবা ৬০০২৮৪৯৮১৭ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৱে।
ছয় দিন ধৰি সন্ধানহীন হৈ থকা যুৱকজনক লৈ উদ্বিগ্ন হৈ পৰিছে পৰিয়াল। ইজাজুল হকৰ সন্ধান লাভৰ ক্ষেত্ৰত কোনো তথ্য পালে শীঘ্ৰে উক্ত নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
