গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

জাগীৰোডত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ তৎপৰতা

RAIJOR BARTA September 08, 2026


 

জাগীৰোডত চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ তৎপৰতা

মইনাজান-ঘুনুচাৰ পথৰ কাষৰ ব্যৱসায়িক প্ৰতিষ্ঠানক ১০ দিনৰ ভিতৰত স্থান খালী কৰাৰ নিৰ্দেশ

ৰাইজৰ বাৰ্তা / জাগীৰোড: জাগীৰোডৰ মইনাজানৰ পৰা ঘুনুচালৈ যোৱা পথৰ কাষত চৰকাৰী ভূমি বেদখল কৰি নিৰ্মাণ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। আজি সমজিলা আয়ুক্ত, চক্ৰ বিষয়া আৰু আৰক্ষীৰ উপস্থিতিত অঞ্চলটো পৰিদৰ্শন কৰি বেদখলকৃত ভূমিত চলি থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ১০ দিনৰ ভিতৰত স্থান খালী কৰাৰ নিৰ্দেশ দিয়া হয়।

উল্লেখ্য যে, প্ৰায় ৪ কঠা চৰকাৰী ভূমি দীৰ্ঘদিন ধৰি বেদখল হৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। উক্ত ভূমিত বহু বছৰ ধৰি কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান চলি আহিছিল।

প্ৰশাসনৰ এই নিৰ্দেশৰ পাছতে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰক্ৰিয়া অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা দিছে। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিজে নিজে স্থান খালী নকৰিলে প্ৰশাসনে পৰৱৰ্তী সময়ত আইনগতভাৱে বেদখল উচ্ছেদৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলি জানিব পৰা গৈছে।

চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ প্ৰশাসনৰ এই পদক্ষেপক লৈ অঞ্চলটোত ব্যাপক চৰ্চা চলিছে।

Share this article

Facebook Twitter