গছৰ ডাল পৰি কৰুণ মৃত্যু লোকৰ
গছৰ ডাল কটা চাই থাকোঁতেই সংঘটিত হয় অঘটন; বাক্সাৰ জালাহৰ সৰু চকাদলত শোকৰ ছাঁ
ৰাইজৰ বাৰ্তা / বাক্সা, ৬ ছেপ্টেম্বৰ: বাক্সা জিলাৰ জালাহৰ সৰু চকাদলত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। গছৰ ডাল পৰি সুৰেশ বড়ো নামৰ এজন লোকৰ কৰুণ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অঞ্চলটোত এজোপা গছৰ ডাল কটা কাম চলি থকাৰ সময়তে সুৰেশ বড়োৱে ঘটনাস্থলীত উপস্থিত হৈ গছৰ ডাল কটা চাই আছিল। তেনে সময়তে হঠাৎ কটা গছৰ এডাল ডাল লোকজনৰ ওপৰত বাগৰি পৰে। আকস্মিক ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় সুৰেশ বড়ো।
দুৰ্ঘটনাৰ পাছতে স্থানীয় লোকসকলে ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰে যদিও শেষত লোকজনৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে।
এই শোকাৱহ ঘটনাই সমগ্ৰ সৰু চকাদল অঞ্চলতে শোকৰ ছাঁ পেলাইছে। সুৰেশ বড়োৰ আকস্মিক মৃত্যুত পৰিয়াল, আত্মীয়-স্বজনৰ লগতে স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।
ঘটনাটোৱে গছ কটা বা গছৰ ডাল আঁতৰোৱাৰ সময়ত সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাকো পুনৰবাৰ স্পষ্ট কৰি তুলিছে। ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত শোক আৰু চাঞ্চল্যৰ সৃষ্টি ।
