গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নিলোৎপল ৰায় হত্যাকাণ্ডত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী পৰিয়ালৰ

RAIJOR BARTA September 09, 2026


 

নিলোৎপল ৰায় হত্যাকাণ্ডত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী পৰিয়ালৰ

২৬ আগষ্টৰ সন্ধিয়াৰ পৰা সন্ধানহীন আছিল নিলোৎপল।২৭ আগষ্টত পথৰ কাষৰ নলাত উদ্ধাৰ মৃতদেহ; গ্ৰেপ্তাৰ দুই অভিযুক্ত

ৰাইজৰ বাৰ্তা / শিলচৰ: শিলচৰ সদৰ থানাৰ অন্তৰ্গত ছৈয়দপুৰত নিলোৎপল ৰায়ৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। নিলোৎপল ৰায়ৰ মৃত্যুৰ ঘটনাত জড়িত দোষীক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে শোকসন্তপ্ত পৰিয়ালটোৱে।

জানিব পৰা মতে, ২৬ আগষ্টৰ সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা নিলোৎপল ৰায় ঘৰলৈ উভতি অহা নাছিল। পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ চলোৱাৰ মাজতে পিছদিনা পুৱা এক শোকাৱহ খবৰ লাভ কৰে।

২৭ আগষ্টৰ পুৱা ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত পথৰ কাষৰ এটা নলাৰ পৰা নিলোৎপল ৰায়ৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ঘটনাটো পোহৰলৈ অহাৰ পাছতে ছৈয়দপুৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে একেখন গাঁৱৰে ৰিংকু ৰায় আৰু টিটু ৰায় নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দুয়োজনকে জেৰা কৰি ঘটনাটোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আৰু মৃত্যুৰ প্ৰকৃত কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ইফালে, নিলোৎপল ৰায়ৰ পৰিয়ালে ঘটনাটোৰ নিৰপেক্ষ আৰু ক্ষিপ্ৰ তদন্তৰ দাবী জনোৱাৰ লগতে দোষী সাব্যস্ত হোৱা ব্যক্তিক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

ঘটনাটোৰ আঁৰত থকা প্ৰকৃত ৰহস্য উদঘাটন আৰু নিলোৎপল ৰায়ৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া আৰক্ষীৰ তদন্তৰ দিশলৈ চাই আছে পৰিয়াল তথা স্থানীয় ৰাইজ।

Share this article

Facebook Twitter