গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

--:--:-- --

লাহৰীঘাটত ফেৰদৌছ জিন্নাক গ্ৰেপ্তাৰ আৰক্ষীৰ

RAIJOR BARTA September 17, 2026


 

মোদীৰ জন্মদিনতে পুত্তলিকা দাহক লৈ অথন্তৰ

ৰাইজৰ বাৰ্তা /লাহৰীঘাট, ১৭ ছেপ্টেম্বৰ:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই লাহৰীঘাটত সৃষ্টি হয় অথন্তৰ। প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা দাহ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে দুজন লোকক চোঁচৰাই নিয়ে বুলি জানিব পৰা গৈছে।

ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত লাহৰীঘাট আৰক্ষীয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি ফেৰদৌছ জিন্নাক গ্ৰেপ্তাৰ কৰে। আনহাতে, মুস্তাক আহমেদ নামৰ আন এজন লোককো আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

জিন্নাক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থা, অসম (মুছা)-ই। সংগঠনটোৰ সভাপতি আশ্বিক ৰাব্বানীয়ে লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ফেৰদৌছ জিন্নাক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায়।

আশ্বিক ৰাব্বানীয়ে জিন্নাৰ গ্ৰেপ্তাৰক লৈ উদ্বেগ প্ৰকাশ কৰি আৰক্ষীক বিষয়টো পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে। ঘটনাক কেন্দ্ৰ কৰি লাহৰীঘাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে, পুত্তলিকা দাহৰ ঘটনাৰ আঁৰত থকা পৰিস্থিতি আৰু জড়িত লোকসকলৰ ভূমিকা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Share this article

Facebook Twitter