উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত মোক্ষম আঘাত, ধিঙত বিজেপিত যোগদান কৰিব কেইবাজনো কংগ্ৰেছ নেতাই
ধূপগুৰিত বিজেপিৰ বিশাল যোগদান সভামন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান
ৰাইজৰ বাৰ্তা / ধিং: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ দলত মোক্ষম আঘাত হানিবলৈ সাজু হৈছে বিজেপি। ধিঙৰ ধূপগুৰিত আজি বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মীয়ে।
জানিব পৰা মতে, ধূপগুৰিত আয়োজন কৰা হৈছে বিজেপিৰ এক বিশাল যোগদান সভা। এই যোগদান কাৰ্যসূচীত ৰাজ্যৰ মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকিব। মন্ত্ৰীগৰাকীৰ উপস্থিতিতে কংগ্ৰেছ দল ত্যাগ কৰি কেইবাজনো স্থানীয় কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিৰ সদস্যপদ গ্ৰহণ কৰিব।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহে তৎপৰতা বৃদ্ধি কৰাৰ সময়তে ধিঙৰ ধূপগুৰিত কংগ্ৰেছৰ নেতা-কৰ্মীৰ বিজেপিত যোগদানে স্থানীয় ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা দিছে।
বিজেপিৰ নেতৃত্বই এই যোগদান কাৰ্যসূচীক দলটোৰ সাংগঠনিক শক্তি বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত কৰিছে। আনহাতে, উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ কেইবাজনো নেতা-কৰ্মীৰ দলত্যাগে কংগ্ৰেছ শিবিৰত যে চাপ বৃদ্ধি কৰিব, সেয়া নিশ্চিত।
আজিৰ ধূপগুৰিৰ বিশাল যোগদান সভাক কেন্দ্ৰ কৰি ইতিমধ্যে বিজেপিৰ নেতা-কৰ্মীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।
