গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নাৰেঙ্গী ৰে’ল ষ্টেচনত ২১ কেজি গাঞ্জা জব্দ

RAIJOR BARTA September 11, 2026


 

নাৰেঙ্গী ৰে’ল ষ্টেচনত ২১ কেজি গাঞ্জা জব্দ

আগৰতলাৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ পথতে আটক সুধীৰ কুমাৰ

ৰাইজৰ বাৰ্তা /গুৱাহাটী: নাৰেঙ্গী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযান চলাই এজন লোকৰ পৰা ২১ কেজি গাঞ্জা জব্দ কৰে অভিযানকাৰী দলে।

জব্দকৃত গাঞ্জাখিনি আগৰতলাৰ পৰা লৈ অহা হৈছিল বুলি জানিব পৰা গৈছে। গাঞ্জাখিনি সৰবৰাহৰ অভিযোগত সুধীৰ কুমাৰ নামৰ লোকজনক আটক কৰা হৈছে।

ঘটনাৰ সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে। জব্দকৃত গাঞ্জাখিনিৰ উৎস আৰু সৰবৰাহৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই সন্দৰ্ভতো তদন্তকাৰী সংস্থাই অনুসন্ধান চলাইছে।

Share this article

Facebook Twitter