গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ড° ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসকলৰ

RAIJOR BARTA September 08, 2026


 ড° ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকীত সশ্ৰদ্ধ প্ৰণিপাত মুখ্যমন্ত্ৰীসহ মন্ত্ৰীসকলৰ

ৰাইজৰ বাৰ্তা / গুৱাহাটী: “সাগৰ সংগমত কতনা সাঁতুৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত...” — সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰে মুখৰিত হৈ পৰিল জালুকবাৰীস্থিত সমন্বয় তীৰ্থ। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম-শতবাৰ্ষিকী উপলক্ষে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় বিশেষ জন্ম-শতবাৰ্ষিকী উদযাপন অনুষ্ঠান।

অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত সশ্ৰদ্ধ প্ৰণিপাত জনায়। মুখ্যমন্ত্ৰীৰ লগতে কৃষি মন্ত্ৰী পীযুষ হাজৰিকা আৰু কেইবাগৰাকীও মন্ত্ৰীয়ে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

জন্ম-শতবাৰ্ষিকীৰ এই বিশেষ অনুষ্ঠানতে ড° ভূপেন হাজৰিকাৰ স্মৃতি সংৰক্ষণ আৰু তেওঁৰ জীৱন-কৰ্মক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে অসম চৰকাৰে। প্ৰায় ৩৫ কোটি টকা ব্যয়েৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ন-ৰূপত নিৰ্মাণ হ’বলগীয়া ড° ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ আভাষীয় আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

অসমীয়া সমাজ-জীৱন, সাহিত্য, সংগীত আৰু সংস্কৃতিৰ ক্ষেত্ৰত ড° ভূপেন হাজৰিকাৰ অৱদান অতুলনীয়। তেওঁৰ কণ্ঠ, সুৰ আৰু গীতৰ কথাই অসমীয়া জাতিৰ স্বাভিমান, মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বহন কৰি আহিছে। কেৱল অসমতেই নহয়, সমগ্ৰ ভাৰতীয় কৃষ্টি-সংস্কৃতিৰ ভঁৰাললৈও সুধাকণ্ঠই আগবঢ়াই থৈ গৈছে অনন্য অৱদান।

জন্ম-শতবাৰ্ষিকীৰ এই পৱিত্ৰ ক্ষণত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি ৰাজ্যবাসীয়ে জনাইছে গভীৰ শ্ৰদ্ধা। তেওঁৰ কালজয়ী সৃষ্টি আৰু আদৰ্শ আগন্তুক প্ৰজন্মৰ বাবেও অনুপ্ৰেৰণাৰ চিৰন্তন উৎস হৈ থাকিব।

Share this article

Facebook Twitter