বিদ্যুৎ পৰিবাহী তাঁৰত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই, কথমপি ৰক্ষা ব্যৱসায়িক প্ৰতিষ্ঠান
ৰাইজৰ বাৰ্তা মহানগৰ সেৱা: মহানগৰীৰ জালুকবাৰীৰ সুন্দৰবড়ীত সংঘটিত হৈছে এক অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ পৰিবাহী তাঁৰত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।
হঠাৎ বিদ্যুৎ পৰিবাহী তাঁৰত জুই জ্বলি উঠাত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জুইৰ লেলিহান শিখা দেখি স্থানীয় ৰাইজে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।
খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তৎপৰতাৰে নিৰ্বাপণ অভিযান চলায়। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত অৱশেষত জুই নিয়ন্ত্ৰণলৈ অনা হয়।
অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান কথমপি ভয়ংকৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে। অৱশ্যে এই পৰ্যন্ত অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।
বিদ্যুৎ পৰিবাহী তাঁৰত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত কিছু সময়ৰ বাবে আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
