গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

বি. বৰুৱা মহাবিদ্যালয়লৈ অসম চৰকাৰৰ ভূমি আবণ্টন

RAIJOR BARTA September 11, 2026


 

ঐতিহ্যমণ্ডিত বি. বৰুৱা মহাবিদ্যালয়লৈ অসম চৰকাৰৰ ভূমি আবণ্টন

প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত মহাবিদ্যালয় কৰ্তৃপক্ষক আবণ্টন পত্ৰ প্ৰদান বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

ৰাইজৰ বাৰ্তা /গুৱাহাটী: ঐতিহ্যমণ্ডিত বি. বৰুৱা মহাবিদ্যালয়লৈ আনুষ্ঠানিকভাৱে ভূমি আবণ্টন পত্ৰ প্ৰদান কৰিলে অসম চৰকাৰে। মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে এই ভূমি আবণ্টন।

অসম চৰকাৰে মহাবিদ্যালয়খনৰ নামত ৩ বিঘা, ১ কঠা আৰু ১.৭৬ লেচা ভূমি আবণ্টন দিছে। মহাবিদ্যালয়খনৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত এক বিশেষ অনুষ্ঠানত মহাবিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে ভূমি আবণ্টন পত্ৰ প্ৰদান কৰে ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই

উল্লেখযোগ্য যে, বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা নিজেও বি. বৰুৱা মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। সেয়ে নিজৰ শিক্ষানুষ্ঠানখনৰ ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত মহাবিদ্যালয়খনক চৰকাৰীভাৱে ভূমি আবণ্টন পত্ৰ প্ৰদান কৰাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।

দীৰ্ঘদিনীয়া ঐতিহ্য বহন কৰি অহা বি. বৰুৱা মহাবিদ্যালয়ৰ ভৱিষ্যৎ উন্নয়ন, শৈক্ষিক পৰিৱেশ অধিক শক্তিশালী কৰা আৰু আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত আবণ্টিত ভূমিয়ে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।

Share this article

Facebook Twitter