নগাঁও লোকসভা উপনিৰ্বাচনক লৈ তুংগত ৰাজনৈতিক যুঁজ।
৬ অক্টোবৰত ভোটগ্ৰহণ : ৰেজাউল কৰিম চৰকাৰ–দেৱাশীষ শৰ্মাৰ নামক লৈ সৰ্বত্ৰ চৰ্চা, প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছতো তৎপৰতা।
আমাৰ খবৰ, টুকটুকী,৯ ছেপ্টেম্বৰ : এখন আসন, প্ৰায় ১৯ লাখ ভোটাৰ আৰু তিনিটা প্ৰধান ৰাজনৈতিক শক্তিৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা—এই তিনিটা কাৰকে ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনক ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক মহলৰ অন্যতম গুৰুত্বপূৰ্ণ নিৰ্বাচনী যুঁজলৈ পৰিণত কৰিছে। ৬ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ নিৰ্বাচনী তৎপৰতা তীব্ৰতৰ হৈ পৰিছে। সম্ভাব্য প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি সমষ্টিটোত বিশেষভাৱে চৰ্চালৈ আহিছে এ আই ইউ ডি এফৰ সম্পাদক ৰেজাউল কৰিম চৰকাৰ আৰু বিজেপিৰ দেৱাশীষ শৰ্মাৰ নাম। কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে শিৱামণি বৰাৰ নামো বিভিন্ন মহলত উচ্চাৰিত হৈছে।
প্ৰায় ১৯ লাখ ভোটাৰৰ এই সমষ্টিটোৰ ৰাজনৈতিক ফলাফল নিৰ্ণয়ত আটাইকেইটা বিধানসভা সমষ্টিৰ ভিন্ন ৰাজনৈতিক সমীকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৮,৯৮,৯৯২ জন। ইয়াৰে পুৰুষ ভোটাৰ ৯,৪০,৫৪৪ জন, মহিলা ভোটাৰ ৯,৩৭,৯২৮ গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৫৮ জন।
সমষ্টিটো গঠিত হৈছে জাগীৰোড (এছ চি), লাহৰীঘাট, মৰিগাঁও, ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰৱা আৰু ৰহা (এছ চি)—এই আঠটা বিধানসভা সমষ্টিৰে। ইয়াৰে লাহৰীঘাটত সৰ্বাধিক ৩,০৯,১৪১ জন ভোটাৰ থকাৰ বিপৰীতে নগাঁও-বটদ্ৰৱাত ১,৯৭,২৮৪ জন ভোটাৰ আছে। জাগীৰোডত ২,৫১,৭৫৫, মৰিগাঁৱত ২,০৬,০১৯, ধিঙত ২,৩৫,৪৮১, ৰূপহীহাটত ২,৩১,৫৮৪, চামগুৰিত ২,২৪,৮২৬ আৰু ৰহাত ২,৪২,৯০২ জন ভোটাৰ আছে।
খালী আসনৰ পৰা উপনিৰ্বাচনৰ পথ
২০২৪ চনৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ দ্বিতীয়বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ ৭,৮৮,৮৫০টা ভোট লাভ কৰি বিজয়ী হোৱাৰ বিপৰীতে বিজেপিৰ সুৰেশ বৰাই ৫,৭৬,৬১৯টা আৰু এ আই ইউ ডি এফৰ আমিনুল ইছলামে ১,৩৭,৩৪০টা ভোট লাভ কৰিছিল।
কিন্তু ২০২৬ চনৰ মাৰ্চ মাহত প্ৰদ্যুৎ বৰদলৈয়ে লোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। লোকসভাৰ অধ্যক্ষই ২০ মাৰ্চ ২০২৬ৰ পৰা তেওঁৰ পদত্যাগ গ্ৰহণ কৰাত নগাঁও লোকসভা আসনখন খালী হয়। ফলত উপনিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।
নিৰ্বাচন আয়োগৰ সূচী অনুসৰি ৯ ছেপ্টেম্বৰৰ পৰা মনোনয়ন দাখিল আৰম্ভ হৈছে। ১৬ ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ১৭ ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষা, ১৯ ছেপ্টেম্বৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৬ অক্টোবৰত ভোটগ্ৰহণ আৰু ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব।
সংখ্যালঘু অধ্যুষিত অঞ্চলত ৰেজাউলৰ চৰ্চা,
সমষ্টিটোৰ ৰাজনৈতিক সমীকৰণত সংখ্যালঘু অধ্যুষিত ধিং, লাহৰীঘাট, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টি বিশেষ গুৰুত্বপূৰ্ণ। এই সমষ্টিসমূহত এ আই ইউ ডি এফে সাংগঠনিক কাম-কাজ আৰু নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তুলিছে। দলটোৰ সম্পাদক তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নাম এই অঞ্চলসমূহত সম্ভাব্য প্ৰাৰ্থী হিচাপে বিশেষভাৱে চৰ্চিত হৈছে।
ইফালে ৰাইজৰ দলৰ দখলত থকা ধিং বিধানসভা সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক স্থিতিক লৈও বিভিন্ন আলোচনা চলিছে। লাহৰীঘাটতো শেহতীয়াকৈ কংগ্ৰেছৰ একাংশ কৰ্মীয়ে দলত্যাগ কৰি বিজেপিত যোগদান কৰাৰ চৰ্চা ৰাজনৈতিক মহলত গুৰুত্ব লাভ কৰিছে।
বিজেপিৰ শক্তি পৰীক্ষা দেৱাশীষক লৈ
আনহাতে বিজেপিৰ দখলত থকা জাগীৰোড, মৰিগাঁও, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিত দেৱাশীষ শৰ্মাৰ নাম সম্ভাব্য প্ৰাৰ্থী হিচাপে শক্তিশালীভাৱে উচ্চাৰিত হৈছে। এই অঞ্চলসমূহত দলটোৰ সাংগঠনিক শক্তি আৰু বিধানসভাভিত্তিক ভোটৰ সমীকৰণ উপনিৰ্বাচনত বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ হ’ব পাৰে।
বৰ্তমান জাগীৰোড, মৰিগাঁও, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিজেপিৰ দখলত। আনহাতে লাহৰীঘাট, ৰূপহীহাট আৰু চামগুৰি কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে ধিং ৰাইজৰ দলৰ দখলত আছে। সেয়ে লোকসভা উপনিৰ্বাচনত বিধানসভা সমষ্টিভিত্তিক এই ভিন্ন ৰাজনৈতিক সমীকৰণে ফলাফলত কিমান প্ৰভাৱ পেলায়, সেয়া হ’ব লক্ষ্যণীয়।
কংগ্ৰেছৰ প্ৰাৰ্থিত্বক লৈও জল্পনা,
কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে শিৱামণি বৰাৰ নাম বিভিন্ন ঠাইত চৰ্চিত হৈছে। একে সময়তে এ আই টি চিৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে আব্দুল ছালামৰ নামো সামাজিক মাধ্যমত প্ৰচাৰ লাভ কৰিছে। অৱশ্যে কোন দলৰ পৰা কোনে চূড়ান্ত প্ৰাৰ্থিত্ব লাভ কৰে, সেই বিষয়ত এতিয়াও অপেক্ষাৰ অন্ত পৰা নাই।
নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক ইতিহাসো যথেষ্ট পুৰণি। ১৯৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনৰ সময়তে সমষ্টিটো গঠন হৈছিল। তেতিয়া সমষ্টিটো ‘NOWGONG’ নামেৰে পৰিচিত আছিল। কংগ্ৰেছৰ দেৱকান্ত বৰুৱাৰ পৰা আৰম্ভ কৰি লীলাধৰ কটকী, অসম গণ পৰিষদৰ মুহিৰাম শইকীয়া, বিজেপিৰ ৰাজেন গোহাঁই আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈলৈকে বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে।
এতিয়া ২০২৬ৰ উপনিৰ্বাচনে নগাঁৱৰ ৰাজনীতিত নতুন সমীকৰণৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা দিছে। প্ৰায় ১৯ লাখ ভোটাৰৰ ৰায়ে কোন শক্তিক দিল্লীলৈ পঠিয়াব, সেয়া ৯ অক্টোবৰৰ ভোটগণনাৰ পাছতেই স্পষ্ট হ’ব। কিন্তু তাৰ পূৰ্বে প্ৰাৰ্থিত্ব ঘোষণা, দলীয় সংগঠন, ভোটৰ সমীকৰণ আৰু নিৰ্বাচনী প্ৰচাৰে নগাঁও লোকসভা উপনিৰ্বাচনক ৰাজ্যৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ লৈ যোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে।
জালাল উদ্দিন আহমেদ
