গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

নগাঁওত ৬ অক্টোবৰত ভোটগ্ৰহণ

RAIJOR BARTA September 07, 2026


 

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

৬ অক্টোবৰত ভোটগ্ৰহণ, ৯ অক্টোবৰত হ’ব ভোটগণনা

ৰাইজৰ বাৰ্তা / নগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগৰ সূচী অনুসৰি অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে, ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।

উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ১৬ ছেপ্টেম্বৰ পৰ্যন্ত প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ দাখিল কৰিব পাৰিব। ১৭ ছেপ্টেম্বৰত মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব। মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হিচাপে ১৯ ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখ্য যে, নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। উপ-নিৰ্বাচনত কোন কোন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ভোটাৰৰ ৰায় কাৰ পক্ষত যায়, সেয়া এতিয়া লক্ষ্যণীয় হৈ পৰিছে।

Share this article

Facebook Twitter