বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
তামিলনাডুৰ চেংগালপট্টুত উদ্ধাৰ মৰিয়নিৰ অজয় গোৱালাৰ মৃতদেহ
ৰাইজৰ বাৰ্তা / মৰিয়নি, ৬ ছেপ্টেম্বৰ: কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই মৰিয়নিত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশ। তামিলনাডুৰ চেংগালপট্টুত উদ্ধাৰ হৈছে মৰিয়নিৰ গাভৰু চাহ বাগিচাৰ যুৱক অজয় গোৱালাৰ মৃতদেহ।
জানিব পৰা মতে, কৰ্মৰ সন্ধানত অজয় গোৱালা চেন্নাইলৈ গৈছিল। কিন্তু যোৱা ৪ আগষ্টৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন। পৰিয়ালৰ লোকে অজয়ৰ সন্ধানত বিভিন্ন স্থানত বিচাৰ-খোচাৰ চলাই থকাৰ মাজতে চেংগালপট্টুত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালটোত শোকৰ ছাঁ পৰিছে।
যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ঘটনাটোক লৈ সৃষ্টি হৈছে ৰহস্যৰ। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।
