হোজাইত ৯ বছৰীয়া শিশু নিৰুদ্দেশ
৩১ আগষ্টৰ পৰা সন্ধানহীন বিবেক দাস, থানাত এজাহাৰ পৰিয়ালৰ
ৰাইজৰ বাৰ্তা / হোজাই: হোজাইত ৩১ আগষ্টৰ পৰা এটি ৯ বছৰীয়া শিশু নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা শিশুটোৰ নাম বিবেক দাস বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ জানিব পৰা মতে, ৩১ আগষ্টত বিহুতলী খেলপথাৰত খেলিবলৈ যোৱাৰ পাছৰে পৰা শিশুটোৰ কোনো সন্ধান লাভ কৰা নাই। শিশুটোৰ সন্ধানত পৰিয়ালৰ লোকে বিভিন্ন স্থানত বিচাৰ-খোচাৰ কৰাৰ লগতে আত্মীয়-স্বজন আৰু পৰিচিত লোকৰ মাজতো সোধা-পোছা কৰে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
ঘটনা সন্দৰ্ভত শিশুটোৰ পৰিয়ালৰ লোকে হোজাই থানাত এজাহাৰ দাখিল কৰিছে। নিৰুদ্দেশ হোৱা শিশুটোৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে।
ইফালে, কোনো সদাশয় ব্যক্তিয়ে বিবেক দাসৰ সন্ধান লাভ কৰিলে ৯৬৭৮৮-৬৬১৩৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে। শিশুটোৰ সন্ধান লাভৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে পৰিয়ালটোৱে।
