গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

অসম ভৱনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা

RAIJOR BARTA September 17, 2026


 

গুৱাহাটী কনভেনশ্বন চেণ্টাৰ আৰু মুম্বাই অসম ভৱনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা

ৰাইজৰ বাৰ্তা / গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: গুৱাহাটীত উন্নত ৰাজহুৱা সুবিধা আৰু মুম্বাইত অসমবাসীৰ বাবে অধিক সুবিধাজনক সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী কনভেনশ্বন চেণ্টাৰ আৰু মুম্বাইস্থিত অসম ভৱনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

এই উপলক্ষে অনুষ্ঠিত বৈঠকত দুয়োটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বৰ্তমানৰ স্থিতি আৰু নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বিষয়ে বিতংভাৱে বুজ লোৱা হয়। প্ৰকল্প দুটাৰ নিৰ্মাণত যাতে গুণগত মান বজাই ৰখাৰ লগতে সময়মতে কাম সম্পূৰ্ণ হয়, সেই বিষয়তো বৈঠকত গুৰুত্ব আৰোপ কৰা হয়।

সাধাৰণ ৰাইজৰ সুবিধাৰ্থে গুৱাহাটী কনভেনশ্বন চেণ্টাৰত উপযুক্ত লাউঞ্জ আৰু অতিৰিক্ত ৰাজহুৱা সুবিধা সংযোজনৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। একেদৰে মুম্বাইস্থিত অসম ভৱনতো অসমবাসী আৰু ৰাজ্যখনৰ পৰা মুম্বাইলৈ যোৱা লোকসকলে যাতে অধিক সুবিধা লাভ কৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণ (গৃহ) বিভাগক প্ৰকল্প দুটাৰ নিৰ্মাণকাৰ্য তদাৰক কৰাৰ লগতে প্ৰয়োজনীয় অতিৰিক্ত ৰাজহুৱা সুবিধাসমূহ সংযোজনৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে নাগৰিকসকলৰ বাবে আধুনিক আৰু সুবিধাজনক সেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত এই প্ৰকল্প দুটাক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে।

Share this article

Facebook Twitter