গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

আমিনগাঁৱত ২৯টা গৰুসহ ট্ৰাক জব্দ

RAIJOR BARTA September 12, 2026


 

আমিনগাঁৱত ২৯টা গৰুসহ ট্ৰাক জব্দ

বৰপেটাৰ পৰা মেঘালয়লৈ অবৈধ সৰবৰাহৰ অভিযোগ; চালক-হেণ্ডিমেন আটক

ৰাইজৰ বাৰ্তা / আমিনগাঁও: ৰাজ্যত অব্যাহত থকা গৰুৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আমিনগাঁৱত এখন গৰুভৰ্তি ট্ৰাক জব্দ কৰে। অভিযানত ট্ৰাকখনৰ পৰা ২৯টা গৰু উদ্ধাৰ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক আটক কৰিছে আৰক্ষীয়ে।

প্ৰাথমিক তথ্য অনুসৰি, গৰুসমূহ বৰপেটাৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰা হৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখন আৰু উদ্ধাৰ হোৱা গৰুকেইটাক লৈ তদন্ত আৰম্ভ কৰিছে।

ইফালে, স্থানীয়ভাৱে লাভ কৰা অভিযোগ অনুসৰি, মতিউৰৰ নেতৃত্বত গৰুৰ অবৈধ বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে, গো-মাফিয়া হিচাপে অভিযোগ উত্থাপিত হোৱা জাকিৰ আলীয়ে ইব্ৰাহিম আলী, ইক্ৰামুল হুছেইন আৰু চহৰ আলীৰ সৈতে মিলি মেঘালয়লৈ শ শ গৰু সৰবৰাহ কৰি অহাৰো অভিযোগ উঠিছে।

অৱশ্যে এই অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব। আমিনগাঁৱত সংঘটিত এই অভিযানৰ পাছত গৰুৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয়  পৰিছে।

Share this article

Facebook Twitter