গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

IPS বিষয়া হোৱাৰ সপোন দেখা মনীষাক ৰাজপথত আক্ৰমণ

RAIJOR BARTA September 07, 2026


 

IPS বিষয়া হোৱাৰ সপোন দেখা মনীষাক ৰাজপথত আক্ৰমণ, হাস্পতালত খেদি গৈ হত্যা প্ৰেমিকৰ

IPS বিষয়া হোৱাৰ সপোন দেখা ২৪ বছৰীয়া মনীষা যাদৱক ৰাজপথতে চোকা অস্ত্ৰৰে আক্ৰমণ। 

ৰাইজৰ বাৰ্তা /৭ ছেপ্টেম্বৰ

অভিযোগ অনুসৰি, উন্মত্ত প্ৰেমিক সোনুৱে মনীষাক আক্ৰমণ কৰাৰ পিছত হাস্পতাললৈও খেদি যায় আৰু হাস্পতালৰ ভিতৰতে তেওঁক হত্যা কৰে।

ঘটনাৰ পিছত আৰক্ষীৰ হাতত ধৰা পৰাৰ আশংকাত অভিযুক্ত সোনুৱে নিজ ডিঙিতো চোকা অস্ত্ৰৰে আঘাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰেমত সন্দেহ, অতিৰিক্ত অধিকাৰবোধ আৰু হিংস্ৰ মানসিকতাই কেনেদৰে মুহূৰ্ততে দুটা উঠি অহা জীৱন ধ্বংস কৰি পেলাব পাৰে, এই শিহৰণকাৰী ঘটনাই পুনৰ এবাৰ সেই প্ৰশ্নকে উত্থাপন কৰিছে।

মনীষাৰ আছিল জীৱনত আগুৱাই যোৱাৰ সপোন। কিন্তু সেই সপোন যেন এজাক সন্দেহ আৰু উন্মত্ততাৰ বলি হ’ল।


Share this article

Facebook Twitter