গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

শিৱসাগৰত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

RAIJOR BARTA September 16, 2026



 ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক আৰক্ষীৰ

ৰাইজৰ বাৰ্তা শিৱসাগৰ

শিৱসাগৰত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ দুইজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰৰ কাংকান নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰে। আটকাধীন লোক দুজনক আবু হানিফ আৰু চৰিফুল ইছলাম বুলি জানিব পৰা গৈছে।

শিৱসাগৰ নগৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক দেৱাশীষ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন তথ্যৰ ভিত্তিত এই অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে দুয়োজনৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে তেওঁলোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

আৰক্ষীয়ে আটকাধীন দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। শিৱসাগৰত ড্ৰাগছৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ লক্ষ্যৰে আৰক্ষীৰ অভিযান আগন্তুক দিনতো অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।

Share this article

Facebook Twitter