গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

আয়ুক্তসকলৰে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

RAIJOR BARTA September 14, 2026

 



জিলা আয়ুক্তসকলৰে আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাইজৰ বাৰ্তা / যোৰহাট /

যোৰহাটত অনুষ্ঠিত হৈ থকা জিলা আয়ুক্ত সন্মিলনৰ আজি দ্বিতীয়টো দিন। ৰাজ্যখনৰ প্ৰশাসনিক ব্যৱস্থাক অধিক গতিশীল আৰু জনমুখী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সন্মিলনত আজি উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

সন্মিলনত ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনাত মিলিত হ’ব। জিলাসমূহৰ সামগ্ৰিক উন্নয়ন, চৰকাৰী আঁচনিৰ ৰূপায়ণ, জনসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা, প্ৰশাসনিক কাম-কাজৰ অগ্ৰগতি তথা বিভিন্ন জিলা পৰ্যায়ৰ সমস্যাৰ বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।

বিশেষকৈ চৰকাৰী আঁচনি আৰু উন্নয়নমূলক প্ৰকল্পসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকা, জনসাধাৰণৰ অভিযোগ-সমস্যাৰ দ্ৰুত সমাধান আৰু চৰকাৰী সেৱা ৰাইজৰ দুৱাৰডলিলৈ অধিক ফলপ্ৰসূভাৱে লৈ যোৱাৰ বিষয়েও সন্মিলনত গুৰুত্ব আৰোপ কৰা হ’ব পাৰে।

উল্লেখ্য যে, যোৰহাটত অনুষ্ঠিত এই জিলা আয়ুক্ত সন্মিলনক ৰাজ্যৰ প্ৰশাসনিক ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ বৈঠক হিচাপে গণ্য কৰা হৈছে। সন্মিলনৰ দ্বিতীয় দিনটোৰ আলোচনাত মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে।

Share this article

Facebook Twitter