১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰত ১০ হাজাৰ মুছলমানে নামাজ পঢ়িবনে?
ডিজিটেল ডেস্ক, ৩ ছেপ্টেম্বৰ:
জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে শোক আৰু বিভিন্ন কাৰ্যসূচী। ইয়াৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এখন বিশেষ পোষ্টাৰ। পোষ্টাৰখনত দাবী কৰা হৈছে যে অহা ১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰত একেলগে প্ৰায় ১০ হাজাৰ মুছলমানে নামাজ আদায় কৰিব।
পোষ্টাৰখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংখ্যালঘু লোকসকল গাড়ীয়ে গাড়ীয়ে আহিব বুলিও উল্লেখ কৰা হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত পোষ্টাৰখনক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।
অৱশ্যে, ভাইৰেল পোষ্টাৰখনৰ দাবীৰ সত্যতা, অনুষ্ঠানটোৰ আয়োজক কোন আৰু ১৯ ছেপ্টেম্বৰত প্ৰকৃততে এনে কোনো কাৰ্যসূচী অনুষ্ঠিত হ'ব নে নাই, সেই বিষয়ে এই মুহূৰ্তলৈকে কোনো চৰকাৰী বা আয়োজক পক্ষৰ নিশ্চিত তথ্য পোহৰলৈ অহা নাই।
সেয়ে সামাজিক মাধ্যমত ভাইৰেল হোৱা পোষ্টাৰখনৰ দাবী স্বতন্ত্ৰভাৱে নিশ্চিত নোহোৱালৈকে সত্য বুলি গণ্য নকৰিবলৈ ৰাইজৰ বাৰ্তাৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।
