গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

লাহৰিঘাটত আঞ্চলিক পঞ্চায়ত সভানেত্ৰীসহ ১১ সদস্যৰ কংগ্ৰেছ ত্যাগ

RAIJOR BARTA September 04, 2026


 

আছিফ মহম্মদ নজৰৰ কাম-কাজত অসন্তুষ্টি? লাহৰিঘাটত কংগ্ৰেছত খহনীয়া

আঞ্চলিক পঞ্চায়ত সভানেত্ৰীসহ ১১ সদস্যৰ কংগ্ৰেছ ত্যাগ, মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান

লাহৰিঘাট, ৪ ছেপ্টেম্বৰ:
লাহৰিঘাটত কংগ্ৰেছ দলত মোক্ষম আঘাত। লাহৰিঘাট আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীসহ মুঠ ১১ গৰাকী আঞ্চলিক পঞ্চায়ত সদস্যই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে, লাহৰিঘাট আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী আবু বাক্কাৰ ছিদ্দিকৰ নেতৃত্বত মৈৰাবাৰী, গৰীয়াবড়ি আৰু লাহৰিঘাটৰ ১১ গৰাকী আঞ্চলিক পঞ্চায়ত সদস্যই কংগ্ৰেছ দলৰ সংগ ত্যাগ কৰে।

পিছত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে দলত্যাগী পঞ্চায়ত প্ৰতিনিধিসকলে।

ইফালে, এক গোপন সূত্ৰৰ দাবী অনুসৰি, লাহৰিঘাটৰ বিধায়ক আছিফ মহম্মদ নজৰৰ কাম-কাজৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিয়েই এইসকল পঞ্চায়ত প্ৰতিনিধিয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অৱশ্যে, এই দাবীৰ স্বতন্ত্ৰ সত্যতা নিশ্চিত হোৱা নাই। লগতে বিধায়ক আছিফ মহম্মদ নজৰৰ পক্ষৰ প্ৰতিক্ৰিয়াও বাতৰি লিখাৰ সময়লৈকে লাভ কৰা হোৱা নাই।

১১ গৰাকী পঞ্চায়ত প্ৰতিনিধিৰ এই দলত্যাগে লাহৰিঘাটৰ ৰাজনীতিত যে নতুন সমীকৰণৰ সৃষ্টি কৰিছে, সেয়া নিশ্চিত। আগন্তুক দিনত এই ৰাজনৈতিক পৰিৱৰ্তনে লাহৰিঘাটৰ কংগ্ৰেছৰ সংগঠন আৰু বিজেপিৰ শক্তিত কিমান প্ৰভাৱ পেলায়, সেয়া হ'ব লক্ষণীয়।

 

Share this article

Facebook Twitter