গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

সোণাপুৰৰ চামতাত ভয়ংকৰ পথ দুৰ্ঘটনা

RAIJOR BARTA September 10, 2026

সোণাপুৰৰ চামতাত ভয়ংকৰ পথ দুৰ্ঘটনা

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীভৰ্তি টাটা মেজিক দুৰ্ঘটনাগ্ৰস্ত।কেইবাগৰাকী যাত্ৰী আহত, ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি

ৰাইজৰ বাৰ্তা /সোণাপুৰ: সোণাপুৰৰ চামতাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই জাগীৰোডৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন টাটা মেজিক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাগৰাকী যাত্ৰী আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, চামতা অঞ্চলত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা যাত্ৰীবাহী বাহনখন কোনো কাৰণত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাৰ ফলত বাহনখনত থকা কেইবাগৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয়।

ঘটনাৰ পাছতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ আহত যাত্ৰীসকলক উদ্ধাৰৰ বাবে তৎপৰতা গ্ৰহণ কৰে। পিছত আহত আটাইকেইজনকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোৰ ফলত পথছোৱাত কিছুসময়ৰ বাবে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। দুৰ্ঘটনাৰ সঠিক কাৰণ আৰু আহত লোকৰ সংখ্যা সম্পৰ্কে এই পৰ্যন্ত বিতং তথ্য জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Share this article

Facebook Twitter