ভাৰত-বাংলাদেশ সীমান্তত ফটাশিল আৰক্ষীৰ বৃহৎ অভিযান
৫০টা চুৰি মোবাইলসহ ১০জনক গ্ৰেপ্তাৰ; বাংলাদেশৰ বজাৰত বিক্ৰী হোৱাৰ অভিযোগ
ৰাইজৰ বাৰ্তা / গুৱাহাটী: ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণৰ ২৮ নম্বৰ গেটত ফটাশিল আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত উৎখাত হৈছে এটা আন্তঃৰাজ্যিক চুৰি চক্ৰ। অভিযানত আৰক্ষীয়ে ৫০টা চুৰি মোবাইল ফোন উদ্ধাৰ কৰাৰ লগতে ১০জন সন্দেহযুক্ত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, অসমৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা মোবাইল ফোনসমূহ এটা সংগঠিত চক্ৰৰ জৰিয়তে সীমান্ত পাৰ কৰি বাংলাদেশৰ বজাৰত বিক্ৰী কৰা হৈছিল। দীৰ্ঘদিন ধৰি এই চক্ৰটোৱে চুৰি মোবাইলৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে।
গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ফটাশিল আৰক্ষীয়ে চাহাদ গণৰ ২৮ নম্বৰ গেটত অভিযান চলাই চুৰি মোবাইলসমূহ জব্দ কৰাৰ লগতে ১০জনক আটক কৰে। উদ্ধাৰ হোৱা মোবাইল ফোনসমূহৰ প্ৰকৃত মালিক আৰু পূৰ্বৰ চুৰি ঘটনাৰ সৈতে ইয়াৰ সম্পৰ্ক সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ প্ৰাথমিক তদন্তত চুৰি মোবাইলসমূহ বাংলাদেশৰ বজাৰত বিক্ৰী কৰাৰ বাবে সীমান্ত পাৰ কৰাৰ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। গ্ৰেপ্তাৰ হোৱা লোককেইজনক জেৰা কৰি এই বৃহৎ চুৰি চক্ৰটোৰ সৈতে জড়িত আন লোকৰ সন্ধান চলাইছে আৰক্ষীয়ে।
ঘটনাটোক কেন্দ্ৰ কৰি ফটাশিল অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে চুৰি মোবাইলৰ আন্তঃৰাজ্যিক তথা আন্তঃদেশীয় সৰবৰাহৰ সৈতে জড়িত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
