মাৰাত্মক ড্ৰাগছসহ সৰবৰাহকাৰীক আটক ৰাইজৰ, নাহৰণি কুঁহিয়াবাৰীত তিনিজন ড্ৰাগছ সেৱনকাৰীক হাতে-লোটে আটক
ৰাইজৰ বাৰ্তা / চাবুৱা, ৫ ছেপ্টেম্বৰ:
চাবুৱাৰ পানীতোলা গন্ধীয়া অঞ্চলত মাৰাত্মক ড্ৰাগছৰ মুকলি বেহাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। অঞ্চলটোত ড্ৰাগছৰ অবাধ সৰবৰাহ আৰু সেৱনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ।
জানিব পৰা মতে, পানীতোলা গন্ধীয়াত মাৰাত্মক ড্ৰাগছসহ এজন সন্দেহযুক্ত সৰবৰাহকাৰীক স্থানীয় ৰাইজে আটক কৰে। ইয়াৰ পিছতে নাহৰণি কুঁহিয়াবাৰী অঞ্চলতো ড্ৰাগছ সেৱনৰ অভিযোগত তিনিজন লোকক হাতে-লোটে আটক কৰে ৰাইজে।
আটকাধীন তিনিওজনক ৰাইজে সোধা-পোছা কৰাৰ সময়ত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই স্বীকাৰোক্তিসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
ৰাইজৰ অভিযোগ অনুসৰি, লালা আৰু চাংমাই নামৰ লোকৰ নেতৃত্বত অঞ্চলটোত ড্ৰাগছ সৰবৰাহ চলি থকাৰ কথা আটকাধীন লোককেইজনে উল্লেখ কৰিছে। এই অভিযোগৰ সত্যতা এতিয়াও আৰক্ষীৰ তদন্তৰ বিষয়।
পিছত আটকাধীন তিনিওজন ড্ৰাগছ সেৱনকাৰীক স্থানীয় ৰাইজে আৰক্ষীক চমজাই দিয়ে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই সৰবৰাহৰ মূল শিপা উৎখাত কৰাৰ লগতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
