বেদখলকাৰীৰ কবলত কলিয়াবৰৰ ঐতিহাসিক মিছা কোঠ, চামধৰা গড়
ৰাইজৰ বাৰ্তা / কলিয়াবৰ, ৩ ছেপ্টেম্বৰ, ২০২৬:
ঐতিহাসিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত চৰম অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে কলিয়াবৰৰ মিছা কোঠ আৰু চামধৰা গড়ক লৈ। বেদখলকাৰীৰ কবলত পৰি ক্ৰমাৎ অস্তিত্ব সংকটত পৰিছে আহোম যুগৰ এই গুৰুত্বপূৰ্ণ ঐতিহাসিক যুদ্ধ স্মাৰক।
অভিযোগ অনুসৰি, চামধৰা গড়ৰ একাংশ কাটি বেদখলকাৰীয়ে বাসগৃহ নিৰ্মাণ কৰাৰ লগতে গড়ত ৰোপণ কৰা হাজাৰ হাজাৰ গছ কাটি তহিলং কৰিছে। ফলত ঐতিহাসিক গড়টোৰ স্বাভাৱিক গঠন আৰু পৰিৱেশ দুয়োটাই ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে।
ঐতিহাসিক তথ্য অনুসৰি, আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত নিৰ্মাণ কৰা চামধৰা গড় মধ্যযুগীয় অসমৰ সামৰিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ স্মাৰক। মিছা কোঠ আৰু চামধৰা গড় আহোম যুগৰ যুদ্ধ-কৌশল আৰু প্ৰতিৰক্ষা ব্যৱস্থাৰ সৈতে জড়িত ঐতিহাসিক নিদৰ্শন হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।
কিন্তু সময়ৰ সৈতে এই ঐতিহাসিক সম্পদসমূহ বেদখল, গছ কটা আৰু অনিয়ন্ত্ৰিত নিৰ্মাণকাৰ্যৰ বাবে ধ্বংসৰ গৰাহত পৰাৰ অভিযোগ উঠিছে। বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।
ঐতিহাসিক সম্পদৰ সংৰক্ষণৰ স্বাৰ্থত মিছা কোঠ আৰু চামধৰা গড়ক শীঘ্ৰে বেদখলমুক্ত কৰি ইয়াৰ ঐতিহাসিক পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ দাবী জনাইছে স্থানীয় সচেতন লোকসকলে। লগতে ঐতিহাসিক স্থান দুটাৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সংশ্লিষ্ট বিভাগে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
