সহস্ৰাধিক সমৰ্থকৰ উপস্থিতিত মনোনয়ন দাখিল দেৱাশীষ শৰ্মাৰ
নগাঁও, ১৬ ছেপ্টেম্বৰ: সমাগত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি আজি নগাঁৱত শক্তি প্ৰদৰ্শন কৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাই আজি সমৰ্থক আৰু দলীয় নেতা-কৰ্মীৰ বৃহৎ সমাৱেশৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰে।
দেৱাশীষ শৰ্মাৰ মনোনয়ন দাখিল যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা, অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তকে ধৰি NDAৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ লগতে বিধায়ক তথা নগাঁৱৰ প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈসহ দলীয় নেতা, সহস্ৰাধিক কৰ্মী আৰু স্থানীয় লোকৰ উপস্থিতিয়ে মনোনয়ন দাখিল কাৰ্যসূচীক ব্যাপক ৰূপ দিয়ে।
দলীয় সূত্ৰ অনুসৰি, নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা বৃহৎ সংখ্যক বিজেপি কৰ্মী মনোনয়ন দাখিলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ডাউছন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সমৰ্থকসকলে সমদল কৰি মনোনয়ন দাখিলৰ বাবে আগবাঢ়ে।
উল্লেখ্য যে, প্ৰাক্তন IAS বিষয়া দেৱাশীষ শৰ্মাক বিজেপিয়ে নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। তেওঁ ৩ ছেপ্টেম্বৰত চৰকাৰী সেৱাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ পিছত ৮ ছেপ্টেম্বৰত বিজেপিত যোগদান কৰে। ইয়াৰ পিছতে দলটোৱে তেওঁক নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৬ অক্টোবৰত, আনহাতে ভোটগণনা কৰা হ'ব ৯ অক্টোবৰত। প্ৰাক্তন সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত লোকসভা আসনখন খালী হোৱাত এই উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছে।
মনোনয়ন দাখিলৰ দিনটোত বিজেপিৰ বৃহৎ সমাৱেশ আৰু নেতা-কৰ্মীৰ উপস্থিতিয়ে নগাঁও উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানক নতুন গতি প্ৰদান কৰা পৰিলক্ষিত হয়।


