থিতাতে নিহত ২২ বছৰীয়া যুৱতী, সংকটজনক অৱস্থাত আন এগৰাকীক JMCHলৈ প্ৰেৰণ
ৰাইজৰ বাৰ্তা/ দেৰগাঁও
দেৰগাঁৱৰ ৰঙামাটিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী ২২ বছৰীয়া যুৱতী।
জানিব পৰা মতে, AS-01-BP-7134 নম্বৰৰ এখন মাৰুটি চিয়াজ বাহনে দুগৰাকী যুৱতীক মহতিয়াই নিয়াৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত অনিশা প্ৰজাপতি নামৰ ২২ বছৰীয়া যুৱতীগৰাকী থিতাতে নিহত হয়।
ইফালে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী যুৱতীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ (JMCH) প্ৰেৰণ কৰা হৈছে।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
