সোণাপুৰৰ ক্ষেত্ৰীত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল যাত্ৰীবাহী নৈশ বাছ
ৰাইজৰ বাৰ্তা | সোণাপুৰ, ১ ছেপ্টেম্বৰ
সোণাপুৰৰ ক্ষেত্ৰী অঞ্চলত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী নৈশ বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।
জানিব পৰা মতে, নিশা যাত্ৰা কৰি থকা অৱস্থাতে কোনো কাৰণত বাছখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষলৈ গৈ বাগৰি পৰে। দুৰ্ঘটনাৰ ফলত বাছখনত থকা বহু যাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয়।
অৱশ্যে এই দুৰ্ঘটনাত যাত্ৰীৰ কথমপি প্ৰাণৰক্ষা পৰে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোৰ ফলত কোনো লোক হতাহত হৈছে নে নাই, সেই বিষয়ে এই পৰ্যন্ত বিতং তথ্য পোহৰলৈ অহা নাই।
উল্লেখ্য যে, শেহতীয়াকৈ সোণাপুৰৰ ক্ষেত্ৰী অঞ্চলত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তাৰ পাছতেই একেটা অঞ্চলতে পুনৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাত পথ সুৰক্ষাক লৈ নতুনকৈ উদ্বেগ সৃষ্টি হৈছে।
দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
