গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

আন্তঃৰাজ্যিক ক’লা বজাৰত অসমৰ চুৰি বাহনৰ বেহা! নাগালেণ্ডত বিক্ৰীৰ অভিযোগ, তদন্তৰ দাবী

RAIJOR BARTA September 02, 2026


 

আন্তঃৰাজ্যিক ক’লা বজাৰত অসমৰ চুৰি বাহনৰ বেহা! নাগালেণ্ডত বিক্ৰীৰ অভিযোগ, তদন্তৰ দাবী

ৰাইজৰ বাৰ্তা | বিশেষ প্ৰতিবেদন / ৩ ছেপ্টেম্বৰ

অসমত চুৰি হোৱা বাহন আন্তঃৰাজ্যিক ক’লা বজাৰত বিক্ৰী হোৱাৰ অভিযোগক লৈ সৃষ্টি হৈছে চাঞ্চল্য। অভিযোগ অনুসৰি, চুৰি বাহনৰ একাংশ নাগালেণ্ডলৈ সৰবৰাহ কৰি পাটকাই আৰু একাংশ মিঞাবস্তি অঞ্চলত গোপনে বিক্ৰী কৰা হয়।

স্থানীয় সূত্ৰৰ দাবী অনুসৰি, অসমত বাহন চুৰিৰ সৈতে জড়িত একাংশ চক্ৰই নাগালেণ্ডক চুৰি বাহন সৰবৰাহ আৰু বিক্ৰীৰ অন্যতম কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এই চক্ৰটোৰ সৈতে বৰপেটাৰ হাফিজ নামৰ এজন ব্যক্তিৰ নামো উত্থাপিত হৈছে। অৱশ্যে এই অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্ততহে স্পষ্ট হ’ব।

অভিযোগ অনুসৰি, অসমত চুৰি হোৱা গাড়ীসমূহৰ নম্বৰ, নথি-পত্ৰ আৰু পৰিচয় সলনি কৰি অন্য ৰাজ্যত বিক্ৰী কৰাৰ এক বৃহৎ নেটৱৰ্ক সক্ৰিয় হৈ আছে। ইয়াৰ ফলত বাহন চুৰিৰ ঘটনা কেৱল অসমতে সীমাবদ্ধ নথকা বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে।

বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলসমূহৰ মাজেৰে চুৰি বাহনৰ সৰবৰাহ ৰোধ কৰিবলৈ অসম আৰু নাগালেণ্ড আৰক্ষীৰ মাজত অধিক সমন্বিত অভিযান চলোৱাৰ দাবী উঠিছে।

ইফালে, চুৰি বাহনৰ এই আন্তঃৰাজ্যিক বেহাৰ আঁৰত কোন কোন লোক জড়িত, ক’ৰ পৰা বাহনসমূহ সংগ্ৰহ কৰা হয় আৰু ক’লৈ সৰবৰাহ কৰা হয়—সেই সকলো দিশ তদন্তৰ আওতালৈ অনাৰ দাবী জনাইছে ৰাইজে।

অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে নিশ্চিত হ’ব।

Share this article

Facebook Twitter