গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

দিখৌ দলঙৰ পৰা নদীত জাঁপ

RAIJOR BARTA September 01, 2026

 

দিখৌ দলঙৰ পৰা নদীত জাঁপ যুৱতীৰ, SDRFৰ তৎপৰতাত জীৱন্তে উদ্ধাৰ

নদীৰ মাজত বাঁহৰ জেঙত আবদ্ধ হৈ পৰিছিল যুৱতীগৰাকী, দুই যুৱকৰ সাহসিকতাত উদ্ধাৰৰ প্ৰাথমিক চেষ্টা

ৰাইজৰ বাৰ্তা | শিৱসাগৰ, ১ ছেপ্টেম্বৰ

শিৱসাগৰৰ দিখৌ দলঙৰ পৰা এগৰাকী যুৱতীয়ে দিখৌ নদীত জাঁপ দিয়াক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে সৌভাগ্যক্ৰমে নদীৰ মাজত থকা বাঁহৰ জেঙত আবদ্ধ হৈ পৰাত প্ৰাণৰক্ষা পৰে যুৱতীগৰাকীৰ।

জানিব পৰা মতে, যুৱতীগৰাকীয়ে দিখৌ দলঙৰ পৰা নদীত জাঁপ দিয়াৰ পাছতে নদীৰ মাজত থকা বাঁহৰ জেঙত লাগি যায়। ঘটনাটো প্ৰত্যক্ষ কৰা দুগৰাকী স্থানীয় যুৱকে কোনো পলম নকৰি নদীত নামি যুৱতীগৰাকীক উদ্ধাৰৰ বাবে চেষ্টা চলায়।

পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত SDRF বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। SDRFৰ তৎপৰতাত অৱশেষত যুৱতীগৰাকীক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা যুৱতীগৰাকী শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। উদ্ধাৰৰ পাছত যুৱতীগৰাকীক প্ৰয়োজনীয় চিকিৎসাৰ বাবে লৈ যোৱা হয় বুলি জানিব পৰা গৈছে।

ইফালে, যুৱতীগৰাকীয়ে কি কাৰণত দিখৌ নদীত জাঁপ দিলে, সেই বিষয়ে এই পৰ্যন্ত কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই। ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

স্থানীয় লোকৰ তৎপৰতা আৰু SDRF বাহিনীৰ সময়োচিত উদ্ধাৰ অভিযানৰ ফলতেই যুৱতীগৰাকীৰ জীৱন ৰক্ষা পৰে।

Share this article

Facebook Twitter