মণিপুৰত বৃহৎ ড্ৰাগছবিৰোধী অভিযান, জিৰিবামত জব্দ প্ৰায় ৮০ কোটি টকাৰ নিচাযুক্ত টেবলেট
ৰাইজৰ বাৰ্তা /৪ ছেপ্টেম্বৰ:
ড্ৰাগছৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ বৃহৎ অভিযান। জিৰিবাম জিলাত আৰক্ষীয়ে অভিযান চলাই অসম অভিমুখী এখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট।
আৰক্ষীৰ সূত্ৰ অনুসৰি, জব্দ কৰা ড্ৰাগছখিনিৰ বজাৰমূল্য প্ৰায় ৮০ কোটি টকা। প্ৰাথমিক তদন্তত জানিব পৰা মতে, ইম্ফলৰ পৰা কাছাৰ অভিমুখে সৰবৰাহ কৰা হৈছিল নিচাযুক্ত টেবলেটখিনি।
জিৰিবামত আৰক্ষীয়ে তালাচী চলোৱাৰ সময়তে সন্দেহজনক ট্ৰাকখন জব্দ কৰি তালাচী চলায়। তালাচীৰ সময়ত ট্ৰাকখনৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট।
ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীয়ে সৰবৰাহ চক্ৰটোৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। জব্দ কৰা ড্ৰাগছখিনি ক’ৰ পৰা অনা হৈছিল আৰু ইয়াৰ আঁৰত কোন বৃহৎ চক্ৰ জড়িত আছে, সেই সন্দৰ্ভতো তদন্ত অব্যাহত আছে।
ড্ৰাগছৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীৰ এই বৃহৎ অভিযানক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
