গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ

RAIJOR BARTA September 03, 2026


 ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কংগ্ৰেছৰ: অখিল গগৈৰ বিৰুদ্ধে সৰৱ ৱাজেদ আলী চৌধুৰী, ৰাইজৰ দলৰ হৈ কংগ্ৰেছ ক আক্ৰমণ ভাস্কো ডি শইকীয়াৰ

বিশেষ প্ৰতিবেদন, ৰাইজৰ বাৰ্তা:

ৰাজ্যৰ ৰাজনীতিত ডাঙৰ ৰাজনৈতিক ৰদ-বদল। অৱশেষত আনুষ্ঠানিকভাৱে ৰাইজৰ দলৰ সৈতে মিত্ৰতা ভংগ কৰিলে প্ৰদেশ কংগ্ৰেছে। দীৰ্ঘদিন ধৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক ধাৰাবাহিকভাৱে কঠোৰ সমালোচনা কৰি অহাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় কংগ্ৰেছ নেতৃত্ব। অখিল গগৈৰ এনে অনাকাংক্ষিত কাৰ্যকলাপ আৰু বাক্যবাণত অৱশেষত অতিষ্ঠ হৈ পৰে কংগ্ৰেছৰ নীতি-নিৰ্ধাৰকসকল।

মিত্ৰতা ভংগৰ সিদ্ধান্তৰ ঠিক পাছতেই ৰাইজৰ দল তথা অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৱাজেদ আলী চৌধুৰী। তেওঁ অখিল গগৈৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি মিত্ৰতা ভংগৰ বাবে সম্পূৰ্ণৰূপে অখিল গগৈৰ একঘেমিয়া আচৰণকেই দায়ী কৰে।

ইফালে, কংগ্ৰেছৰ এই সিদ্ধান্ত আৰু আক্ৰমণৰ পাছতেই হাত সাৱটি বহি থকা নাই ৰাইজৰ দল। এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কংগ্ৰেছক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে।

সংবাদ মেলত ভাস্কো ডি শইকীয়াই বিস্ফোৰক মন্তব্য কৰি কয়— "সংখ্যালঘুক উচ্ছেদ কৰাৰ সময়তো মৌন ব্ৰত অৱলম্বন কৰি থাকে কংগ্ৰেছে। এনে সুবিধাবাদী ৰাজনীতি কৰা কংগ্ৰেছৰ লগত ভৱিষ্যতে ৰাইজৰ দলৰ কোনো ধৰণৰ মিত্ৰতা ৰখা নহ'ব।"

দুই দলৰ মাজত সৃষ্টি হোৱা এই তীব্ৰ সংঘাত আৰু মিত্ৰতা ভংগৰ ঘটনাই ৰাজ্যৰ বিৰোধী শিবিৰত এক ডাঙৰ ধুমুহাৰ সৃষ্টি কৰিছে।



Share this article

Facebook Twitter