‘গৌৰৱ গগৈৰ দৰে গোপনে পাকিস্তানলৈ যোৱাৰ মোৰ অভ্যাস নাই’ : অখিল গগৈ
ৰাইজৰ বাৰ্তা / বিশেষ প্ৰতিবেদন| সাংসদ গৌৰৱ গগৈৰ অভিযোগৰ প্ৰত্যুত্তৰত সৰৱ হৈ উঠিছে বিধায়ক অখিল গগৈ। গৌৰৱ গগৈয়ে অখিল গগৈৰ দাদা ‘বিগ্ৰেড’ৰ সদস্য বুলি কৰা অভিযোগক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।
অখিল গগৈয়ে কয়, “গৌৰৱ গগৈৰ দৰে গোপনে পাকিস্তানলৈ যোৱাৰ মোৰ অভ্যাস নাই। গৌৰৱ গগৈহে মনে মনে পাকিস্তানলৈ যায়।” এই মন্তব্যৰে সাংসদ গৌৰৱ গগৈক পোনপটীয়াকৈ আক্ৰমণ কৰে বিধায়ক অখিল গগৈয়ে।
দাদাক ‘বিগ্ৰেড’ৰ সদস্য বুলি গৌৰৱ গগৈয়ে কৰা অভিযোগক সম্পূৰ্ণ ৰাজনৈতিক আক্ৰমণৰ অংশ হিচাপে অভিহিত কৰি অখিল গগৈয়ে তীব্ৰ প্ৰত্যুত্তৰ দিয়ে। দুয়োগৰাকী নেতাৰ মাজত চলি থকা বাক-বিতণ্ডাই ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
