গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------

ৰাইজৰ বাৰ্তা ৰেডি'অ

পুৱতি নিশা বজ্ৰপাত

RAIJOR BARTA September 17, 2026

   


 

বজ্ৰপাতত ভস্মীভূত পৰিয়ালৰ বাসগৃহ

ৰাইজৰ বাৰ্তা / মানকাচাৰ 

দক্ষিণ শালমাৰা-মানকাচৰত পুৱতি নিশা বজ্ৰপাতৰ ফলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হ’ল এটি পৰিয়ালৰ বাসগৃহ। অসম-মেঘালয় সীমান্তৰ ৰাজাবালা ভালুককান্দি অঞ্চলত সংঘটিত হয় এই অঘটন।

জানিব পৰা মতে, পুৱতি নিশা আবুবক্কাৰ ছিদ্দিকৰ বাসগৃহত বজ্ৰপাত পৰাৰ পাছতে অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। নিমিষতে জুইৰ লেলিহান শিখাই সমগ্ৰ ঘৰটো আগুৰি ধৰাত বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

এই অগ্নিকাণ্ডত পৰিয়ালটোৰ পশুধনৰো প্ৰাণহানি হোৱাৰ লগতে ঘৰত থকা আচবাব, কাপোৰ-কানি, গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ বহু সামগ্ৰী জুইত জাহ যায়। ফলত পৰিয়ালটোৰ বিস্তৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

বজ্ৰপাতৰ ফলত সংঘটিত এই অগ্নিকাণ্ডৰ পাছত পৰিয়ালটো একপ্ৰকাৰ সৰ্বস্বান্ত হৈ পৰিছে। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্য আৰু শোকৰ পৰিৱেশ।

Share this article

Facebook Twitter