গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

পুত্ৰক বচাবলৈ গৈ পিতা-পুত্ৰৰ সলিল সমাধি

RAIJOR BARTA September 08, 2026


 চৰাইদেউৰ সাপেখাতীত কৰুণ ঘটনা, অঞ্চলজুৰি শোকৰ ছাঁ

ৰাইজৰ বাৰ্তা /  চৰাইদেউ - চৰাইদেউ জিলাৰ সাপেখাতীত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। পুত্ৰক উদ্ধাৰ কৰিবলৈ গৈ পিতৃৰো সলিল সমাধি ঘটাত অঞ্চলজুৰি শোকৰ ছাঁ নামি পৰিছে।

জানিব পৰা মতে, সাপেখাতীৰ ১ নং ধুনীয়াপথাৰ অঞ্চলত সংঘটিত হয় এই কৰুণ ঘটনা। পুখুৰীত মাছ মাৰি থকা অৱস্থাত হঠাৎ পিছলি পানীত পৰে পুত্ৰ সৌৰভ গগৈ। পুত্ৰ পানীত পৰি যোৱাত তেওঁক উদ্ধাৰ কৰিবলৈ ততাতৈয়াকৈ পুখুৰীত নামি পৰে পিতৃ লক্ষী গগৈ।

কিন্তু পুত্ৰক উদ্ধাৰৰ চেষ্টা চলোৱাৰ সময়তে দুয়ো পানীত ডুব যায়। ফলত পিতৃ লক্ষী গগৈ আৰু পুত্ৰ সৌৰভ গগৈৰ সলিল সমাধি ঘটে।

ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় শোকাকুল পৰিৱেশ। একেটা পৰিয়ালৰ পিতা-পুত্ৰৰ এনে কৰুণ মৃত্যুত শোকত ভাগি পৰিছে আত্মীয়-স্বজন তথা স্থানীয় ৰাইজ।

Share this article

Facebook Twitter