গুৰুত্বপূৰ্ণ বাৰ্তা
ৰাইজৰ বাৰ্তা ডিজিটেল বাতৰি কাকত। সম্পূৰ্ণ ৰূপত অতি শীঘ্ৰেই আহি আছে। অপেক্ষা মাত্ৰ কেইটামান দিনৰ ----------------
Slide 1 Slide 2 Slide 3 Slide 4
Slide 1 Slide 2 Slide 3 Slide 3

ভাৰত–ৱেষ্ট ইণ্ডিজৰ হাইভল্টেজ এদিনীয়া

RAIJOR BARTA September 03, 2026


 

৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাত ভাৰত–ৱেষ্ট ইণ্ডিজৰ হাইভল্টেজ এদিনীয়া

গুৱাহাটী, ৰাইজৰ বাৰ্তা:
ক্ৰিকেটপ্ৰেমীৰ বাবে আহিছে সুখবৰ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অহা ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত এখন হাইভল্টেজ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ

মেচখন উপভোগ কৰিবলৈ আগ্ৰহী দৰ্শকৰ বাবে অহা ৪ ছেপ্টেম্বৰৰ পুৱা ১১ বজাৰ পৰা BookMyShow-ত অনলাইন টিকট বিক্ৰী আৰম্ভ হ’ব

বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰখা হৈছে সুলভ মূল্যৰ টিকট। মাত্ৰ ৫০০ টকাতে ছাত্ৰ-ছাত্ৰীয়ে মেচখন উপভোগ কৰিব পাৰিব। আনহাতে, অন্যান্য ষ্টেণ্ডৰ টিকটৰ মূল্য ১,৫০০ টকাৰ পৰা আৰম্ভ হ’ব।

অনলাইনযোগে টিকট বুক কৰাৰ পিছত দৰ্শকে লাভ কৰিব M-Ticket। এই M-Ticket ব্যৱহাৰ কৰিয়েই দৰ্শকে মেচৰ দিনা ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব।

ভাৰত–ৱেষ্ট ইণ্ডিজৰ এই হাইভল্টেজ মেচক লৈ ইতিমধ্যে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে।

Share this article

Facebook Twitter